কিতাপ :
অতি চহকী অসমীয়া সাহিত্যৰ ভঁৰাল প্ৰাক বৈঞ্চৱ যুগৰ পৰা আৰম্ভ কৰি উত্তৰ 
আধুনিক কাললৈকে অলেখ সমলেৰে পৰিপূৰ্ণ । বিশ্ব-সাহিত্যৰ সৈতে ফেৰ মাৰিব 
পৰাকৈ অসমীয়া সাহিত্যৰ চোতালত জন্ম হৈছে অলেখ উন্নত মানদণ্ডৰ সাহিত্য । 
বিভিন্ন বিষয়ৰ বিভিন্ন গ্ৰন্থৰ সম্ভাৰেৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ সম্ভাৰৰ 
মাজৰ পৰা সাধাৰণ পাঠকে পঢ়িবৰ বাবে এখন কিতাপ আয়াসতে চয়ন কৰাতো সহজ-সাধ্য 
নহয় । সেয়েই এই ব্যস্ত জীৱন-যাত্ৰাৰ মাজত ভালপোৱা বিষয়ৰ কিতাপ এখন কিনিবৰ বাবে 
যাতে পাঠক বিমোৰত পৰিব লগা নহয় তাৰ বাবে আমাৰ এক বহু দিনীয়া সপোন আছিল এনে এক 
জালপঞ্জী আৰম্ভ কৰাৰ । এইয়া আমাৰ সবিনয় 
প্ৰয়াসহে মাথোঁ, ৰাইজৰ ভালপোৱা, সমাদৰেহে ইয়াক সাফল্যৰ দীৰ্ঘ পথত আগুৱাই 
নিব পাৰিব ।

বিশাল গ্ৰন্থ সম্ভাৰৰ মাজৰ পৰা ইয়াত অন্তৰ্ভূক্ত 
কৰিবৰ বাবে  গ্ৰন্থ বাছি উলিওৱাটো অতি দুৰূহ কাম । এই কামত অসমৰ বিভিন্ন 
প্ৰান্তৰ বহুকেইজন ব্যক্তি ’কিতাপ’ৰ স’তে জড়িত হৈ আছে । আগ্ৰহী সকলৰ 
সহায়-সহযোগো আমাৰ চিৰ-কাম্য ।

যোগাযোগ :
  

আমাৰ স’তে যোগাযোগ কৰিবৰ বাবে তলৰ ঠিকনাত ই-মেইল কৰকঃ

[email protected]
ৱেবচাইট :

http://www.kitap.co.in/
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to