প্রতিবছৰৰ দৰে এইবাৰো তিনিচুকীয়া মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা ‘প্রয়াত শিক্ষক সোঁৱৰণী বক্তৃতানুষ্ঠান’ অহা ইং ৪ ফেব্রুৱাৰী ২০১২ তাৰিখ শনিবাৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছো। উক্ত বক্তৃতানুষ্ঠানত বক্তা হিচাপে আমন্ত্রণ কৰিছোঁ কটন মহাবিদ্যালয়ৰ অধ্যক্ষ, প্রবীণ নাট্যকর্মী তথা অসমত বাটৰ নাটৰ গুৰি ধৰোঁতা ড০ সীতানাথ লহকৰ দেৱক। অনুষ্ঠান আৰম্ভ হ’ব পুৱা ৯.৩০ বজাত।
উক্ত দিনা বক্তৃতানুষ্ঠানৰ লগতে দুপৰীয়া ১ বজাত এখনি নাট্য কর্মশালা অনুষ্ঠিত হ’ব আৰু সন্ধিয়া ৫.৩০ বজাত গুৱাহাটিৰ বিখ্যাত অপেচাদাৰী নাট্যদল—‘সমাহাৰ নাট্যগোষ্ঠী’য়ে মঞ্চস্থ কৰিব তেওঁলোকৰ বিখ্যাত নাটক ‘কহয় চন্ডীদাসে’। উপৰোক্ত কেউটি অনুষ্ঠানত উপস্থিত থাকি আমাক কৃতার্থ কৰিবলৈ আপোনাক এই পত্রৰ দ্বাৰাই অনুৰোধ জনালোঁ। ধন্যবাদ সহকাৰে সোমেশ্বৰ হাজৰিকা, সভাপতি মৃগাঙ্ক চৌধুরী, সম্পাদক অসম কলেজ শিক্ষক সংস্থা, তিনিচুকীয়া মহাবিদ্যালয় গোট। http://pragyan06now.blogspot.com/2012/01/blog-post_30.html _______________________________________________ assam mailing list [email protected] http://assamnet.org/mailman/listinfo/assam_assamnet.org
