Jahnabi : An Assamese Unicode Compliant Wordprocessor (http://www.jahnabi.org)
:
There has been a long felt need of an advanced software tool for writing
Assamese speedily in Unicode method in Computer. An ambitious project has been
undertaken by few volunteers of Asom to address this need and result of this
project is Jahnabi Wordprocessor. This software is offered FREE of COST!
Salient features of this Word processor are-
* Auto-suggestion for words
* Dictionary
* Facility to add words to user’s Dictionary
* Spell-check
* Facility to create user’s own shortcut for frequently used idioms or
sentences
* Idioms
The success of the software which is developed by a group of volunteers will
depend on the response of the users. Thus, Team Jahnabi would like to request
you to feel free to put forward your valuable suggestions and difficulties
faced while using the Wordprocessor. This will help us to improvise Jahnabi.
In the second phase of Jahnabi, a full fledged Offline Digital Dictionary would
be made available with descriptions of important places and historical
monuments of Asom .
Download links : http://www.jahnabi.org/download.html
Installation and Usage Guide : http://www.jahnabi.org/installation.html
Help-file : http://www.jahnabi.org/help.pdf
facebook page : https://www.facebook.com/groups/jahnabi.soft
জাহ্নৱী ৱৰ্ড প্ৰচেছৰ (http://www.jahnabi.org) :
কম্পিউটাৰত খৰতকীয়াকৈ অসমীয়া লিখিবলৈ এক উন্নত মানৰ সঁজুলিৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ
কৰিবলৈ হাতত লোৱা এক প্ৰকল্পৰ ফলশ্ৰুতিত জাহ্নৱীৰ সৃষ্টি৷ অসমত নিৰ্মাণ কৰা এই
সঁজুলিটো বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়োৱা হৈছে৷
এই সঁজুলিটোৰ মুখ্য সুবিধাসমূহ হ’ল-
* লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ(Auto Suggestion)
* অভিধান
* নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা
* বানান পৰীক্ষা
* ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা
* ফকৰা-যোজনা
জাহ্নৱী কৰ্মদলে সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই প্ৰস্তুত কৰি তোলা এই
আহিলাটোৰ সফলতা ৰাইজৰ সঁহাৰিৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে ৰাইজলৈ অনুৰোধ এই আহিলাটো
ব্যৱহাৰৰ পিছত আপোনাৰ মনত উদয় হোৱা বিভিন্ন পৰামৰ্শ, আপুনি সন্মুখীন হোৱা
অসুবিধাসমূহ জনাই আহিলাটো উন্নত কৰাত স্বেচ্ছাসেৱীসকলক উৎসাহ প্ৰদান কৰে যেন।
জাহ্নৱীৰ দ্বিতীয় পৰ্য্যায়ত এখন পূৰ্ণাঙ্গ অফলাইন ডিজিটেল অভিধান, অসমৰ উল্লেখনীয়
ঠাই-অনুষ্ঠান/ বুৰঞ্জীমূলক কীৰ্ত্তিচিহ্নসমুহৰ বিৱৰণেৰে সৈতে সংলগ্ন কৰা হ'ব।
বৰ্ত্তমান নামমাত্ৰ স্বেচ্ছাসেৱকৰ উদ্যোগত সঁজুলিটো ৰাইজৰ মাজলৈ আগবঢ়োৱা হৈছে৷
নতুন সদস্য অন্তৰ্ভুক্তিৰে ৰাইজৰ মাজলৈ অতি সোনকালে বেছি উন্নত মানৰ সঁজুলিটো
আগবঢ়াব পাৰিম বুলি জাহ্নৱী দলৰ ফালৰপৰা আশা কৰিছোঁ।
জাহ্নৱীৰ বিষয়ে
জাহ্নৱী এক অসমীয়া ইউনিক’ডেৰে লিখিবপৰা বহু সুবিধাযুক্ত বিনামূলীয়া ”ৱৰ্ড প্ৰচেছৰ”
সঁজুলি, তাৰে কিছুমান বিশেষ সুবিধা হ’ল - লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয়
পৰামৰ্শ, অভিধান,নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা,বানান
পৰীক্ষা,ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা,
ফকৰা-যোজনা আদি ।
----------------------------------------------------------------------------------------------------------
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান
পাৰি ৰাইজৰ মাজত বিলাব লাগে।---- বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org