Char Chapori Assam চৰ-চাপৰি অসম : E-Magazine ই- আলোচনী 

 www.charchapori.com

About Char Chapori :

Char Chapori is a vast area of Brahmaputra river and it’s tributaries along 
with river bank basins in Indian state Assam. According to the Assam Government 
record, the char chapori cover 3,608 sq km of the Brahmaputra basin, which 
works out to 4.6% of Assam’s geographical area. The char areas are distributed 
across 23 sub-divisions of 14 districts along the Brahmaputra’s course from 
Sadiya in the east to Dhubri in the west. An estimated 25 lakh people reside in 
2,251 villages on these chars straddling 299 gaon panchayats. Some 68% of the 
char dwellers are below poverty line BPL.Major portion of Char Chapori 
residents are East Bengal rooted those were brought to Assam during the British 
era for cultivate the wetland by direct patronising the Government(then). They 
were being allowed to cultivate more jute on work for food scheme. Those people 
are anthropologically Dravidian.

Our aims to highlight their problems and necessary steps to solve those with 
literary modes. A few educated youths and social concern people from these area 
has started “Char Chapori e-magazine”on the demand of time to get equal rights 
and other benefits.

চৰ আৰু চাপৰি শব্দ দুটাক বহুতেই একে অৰ্থত ব্যৱহাৰ কৰে যদিও আচলতে শব্দ দুটাই 
ভিন্ন অৰ্থহে বুজায়। ‘চৰ’ বুলিলে নদীৰ বুকুত চাৰিওফালে পানীৰে আগুৰি থকা বালি বা 
পলস মাটিৰ ওখ বিস্তৃত ভূমি এলেকা বা ঠাইক বুজায় অৰ্থাৎ নদীয়ে পাৰ খহাই তাৰ সোঁত 
সলাই নতুন ভূ-খণ্ডৰ সৃষ্টি কৰিলে সেই ভূ-খণ্ডক চৰ বুলি কোৱা হয়। এই অৰ্থত পৃথিৱীৰ 
সৰ্ববৃহৎ নদী-দ্বীপ মাজুলিও চৰৰ শাৰীত পৰে যদিও অসমৰ চৰ অঞ্চল বুলিলে নামনি অসমৰ 
নৈপৰীয়া অঞ্চলসমূহকেই বুজায়। আনহাতে চাপৰি শব্দই নৈৰ পাৰৰ নৈপৰীয়া বিস্তৃত ভূমি 
এলেকাক সূচায়। অসমৰ চৰ-চাপৰি অঞ্চল অকল মুছলমান লোকৰেই বসবাস বুলিয়ে বহুতেই ভাবে 
যদিও শদিয়াৰ পৰা ধুবুৰীলৈকে বিস্তৃত অসমৰ চৰ-চাপৰীবোৰত মিচিং, কৈৱৰ্ত, নেপালী তথা 
অনান্য জনগোষ্ঠীৰ লোকেও বসবাস কৰি আহিছে। অৱশ্যে এইক্ষেত্ৰত অসমৰ চৰ-চাপৰিত 
মুছলমান লোকৰ সংখ্যাই যে বহুত বেছি সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।

উল্লেখযোগ্য যে, অসমৰ উজনিৰ কেইখনমান চৰ বাদ দি বাকী চৰ অঞ্চলসমূহ সামাজিক, 
শৈক্ষিক, অৰ্থনৈতিক আদি সকলো দিশতেই খুৱেই পিছপৰা। যোগাযোগ-যাতায়ত, শিক্ষা, 
স্বাস্থ্য, অৰ্থনীতি, ৰাজনৈতিক আদি দিশত এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চৰ-চাপৰিৰ 
জনগণ। আমি ভাবোঁ এই সমূহ সমস্যা মূলসূঁতিৰ সমস্যাৰ সৈতে সামান্য ভিন্ন, গতিকে 
এইবোৰৰ সৈতে সকলোৰে পৰিচয় ঘটাব পাৰিলে কিজানি সমাধানৰ বাট আহিব।

বিশেষকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল চৰ-চাপৰিৰ বেছি সংখ্যক লোকৰেই আৰ্থিক অৱস্থা 
টনকিয়াল নহয়। দুবেলা দুমুঠি অন্নৰ বাবে যিসকলে নিতৌ সংগ্ৰাম কৰিবলগীয়া হয় 
তেনেস্থলত তেওঁলোকে সাহিত্য ৰচনাৰ বাবে অৱকাশ নাপায়, সুযোগ-সুবিধা নাপায়। কিন্তু 
সেইবুলি চৰ-চাপৰিত সৃষ্টিশীল লেখকৰ সংখ্যা একেবাৰে কমো নহয়। দৈনন্দিন জীৱন যাত্ৰাৰ 
সৈতে যুঁজিও চৰ-চাপৰিৰ মাজৰ পৰা এচাম সৃষ্টিশীল লেখক-সাহিত্যিকৰ জন্ম হৈছে। কিন্তু 
পৰিতাপৰ বিষয়, তেওঁলোকৰ মাজত বহুতেই আকৌ নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ নাপায়, এখন 
উপযুক্ত মঞ্চ নাপায়। গতিকে চৰ-চাপৰিত এক সাহিত্যিক, বৌদ্ধিক আৰু সাংস্কৃতিক 
আন্দোলন গঢ় দিয়াৰ মানসেৰে আমাৰ দৰে এদল উদ্যমী যুৱক-যুৱতীয়ে চৰ-চাপৰিৰ সকলো 
পৰ্যায়ৰ লেখকসকলক লেখাৰ বাবে এখন মঞ্চ দিয়াৰ উপলক্ষে, তথা চৰ-চাপৰিৰ জনজীৱনৰ সৈতে 
সকলোকে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এখন ই- আলোচনীৰ পৰিকল্পনা কৰি এই যাত্ৰা আৰম্ভ 
কৰা হয়। আলোচনীখনীৰ যোগেদি কিছু হ্ৰস্যমেদী আৰু কিছু দীর্ঘমেদি লক্ষ্যৰ 
পৰিকল্পনাৰে যাবতীয় কাম-কাজ সমূহ আগবঢ়োৱাৰ পৰিকল্পনা যদিও মূলত ইয়াৰ উদ্দেশ্য- 
চৰ-চাপৰিৰ জনজীৱনৰ সৈতে ভাৰচোৱেল জগতৰ সমূহ স্তৰৰ পাঠকক পৰিচয় কৰাই দিয়া, নবীন 
লেখকৰ বাবে মুক্ত মঞ্চ, প্ৰবীণ লেখকৰ বাবে সন্মানজনক স্থান আৰু পুৰণি লেখা সমূহ 
সংগ্ৰহৰ লগতে পুনৰ মুদ্ৰণ।

আমি জানো এই বাট ইমান মসৃণ নহয়, যথেষ্ট ঘাত-প্ৰতিঘাত আমি নেওচিব লাগিব, তাৰ পাছতো 
আমাৰ যাত্ৰা অব্যাহত থাকিব। সদ্যহতে আমাৰ এই আলোচনীখন অনলাইনতে উপলব্ধ থাকিব যদিও 
পৰৱৰ্তী পৰ্য্যায়ত খুব কম দিনৰ ভিতৰতে অফলাইনতো মুদ্ৰিত আকাৰে পাঠকে পঢ়িবলৈ পাব। 
নিৰ্বাচিত লেখা-মেলা সমূহৰে একে নামৰে মাহেকীয়া আলোচনী এখন কৰাৰ পৰিকল্পনাও আমি 
কৰিছোঁ।

ইয়াৰ বাবে সকলোৰে সহায়-সহযোগিতা লাগিব। পাঠক সকলে আমাৰ আলোচনীখন নিজৰ আলোচনী বুলি 
ভাবি আঁকোৱালি লব বুলি আশা কৰিছোঁ। ইয়াৰ প্ৰচাৰ-প্ৰসাৰ, গুণগত মান আদিৰ বাবে 
বিভিন্ন মাধ্যমত শ্বেয়াৰ, মন্তব্য আদি কৰিব বুলি আবেদন থাকিল। আলোচনীখনক পূৰ্ণতা 
দিবলৈ আপোনাৰ সহায়ৰ একান্ত প্ৰয়োজন, গতিকে আপুনিও লিখক, আপুনিও পঢ়ক আৰু আনকো 
আহ্বান জনাই এই আন্দোলন আৰু অধিক শক্তিশালী কৰি আমাৰ নিষ্পেষিত সমাজখনক এন্ধাৰৰ 
পৰা পোহৰলৈ বাট মেলাৰ পথ প্ৰশস্ত কৰিব বুলি আমি আশাবাদী।


Facebook page : https://www.facebook.com/charchapori/
------------------------------------------------------------------------------ 
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।   ----  বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
Assam mailing list
[email protected]
http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org

Reply via email to