চিটি বাছৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে অবিলম্বে ব্যৱস্থা লোৱাৰ পোষকতা ' পি পি এফ এ ’ৰ
গুৱাহাটী , ১৮ মাৰ্চ : শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ' চিটি বাছ ’ সমূহে সৃষ্টি কৰা উদ্ভণ্ডালি আৰু অৰাজকতাৰ পৰিবেশে চিটি বাছৰ ওপৰত নিৰ্ভৰ কৰা সৰ্বসাধাৰণ ৰাইজক যিদৰে হাৰাশাস্তি কৰিছে , তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই অবিলম্বে ব্যৱস্থা হাততলৈ চিটিবাছৰ নিয়মীয়া যাত্ৰীসকলক সকাহ দিয়াটো বিচাৰিছে ' পেট্ৰিয়টিক পিপলছ্ ফ্ৰন্ট অসম ’(পি পি এফ এ) এ ৷ আজি প্ৰায় এমাহ পূৰ্বে নগালেণ্ড আৰু মেঘালয়ত হোৱা নিৰ্বাচনৰ অচিলা লৈ মহানগৰীত প্ৰথম চিটিবাছৰ নাটনিয়ে দেখা দিয়ে ৷ তাৰ পিছৰ পৰাই দেখা গৈছে ৰাতি ৮ বজাৰ পৰা মহানগৰীৰ ঘাইপথসমূহ বিশেষকৈ জি এছ ৰোড আৰু আৰ জি বৰুৱা পথত চিটি বাছবোৰৰ উদ্ভণ্ডালিয়ে এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কেতবোৰ চিটিবাছে নিৰ্দিষ্ট পথেৰে নগৈ অন্য পথেৰে যোৱা আৰম্ভ কৰিছে ৷ যেনে , জালুকবাৰী - পাঞ্জাবাৰীৰ বাছ দীঘলীপুখুৰীৰ পূৱ পাৰেদি চানমাৰীলৈ যোৱাৰ নিয়ম ভংগ কৰি পল্টন বজাৰেদি যায় ৷ ফলত আমবাৰীৰ পৰা চানমাৰী হৈ গনেশগুৰিলৈ যাব খোজা যাত্ৰীৰ হাৰাশাস্তি হয় ৷ তেনেকৈ খানাপাৰাৰ পৰা পানবজাৰ , কাছাৰী হৈ দীঘলীপুখুৰীৰ পূৱ পাৰৰ নিৰ্দিষ্ট পথেৰে লাখটকীয়া হৈ আকৌ খানাপাৰালৈ যোৱাৰ নিয়ম , কিন্তু এতিয়া ৰাতি ৮ বজাৰ লগেলগে এই বাছবোৰ খানাপাৰাৰ পৰা পল্টনবজাৰলৈকে আহি আৰু আগলৈ নাযায় ৷ তাৰোপৰি পল্টনবজাৰৰ পৰা বাছবোৰৰ কৰ্মচাৰীয়ে বাছৰ নাটনিৰ অজুহাত দেখুৱাই যাত্ৰীৰ পৰা ৫,৮বা১০টকাৰ ঠাইত জোৰজুলুমকৈ ৮ বজাৰ পৰা ৯-৩০ বজাৰ ভিতৰতে ২০ , ৩০ ,৪০ টকালৈকে বিচাৰে ৷এনে হাৰাশাস্তিৰ এজন ভূক্তভোগীয়ে আমাক জনোৱামতে যোৱা ১৫ মাৰ্চৰ নিশা ৯-৩০ বজাত এখন খানাপাৰাৰ পৰা অহা বাছ (নম্বৰ AS -01 GC-8717) পল্টনবজাৰৰ পৰা আগলৈ নগৈ যাত্ৰীক বাছত উঠিলেই ২০টকা দিব লাগিব বুলি দাবী কৰিছিল ৷ আনকি ধৃষ্টতাৰ সীমা চেৰাই ইয়াৰ প্ৰতিবাদ কৰা যাত্ৰীক বাছৰ পৰা নমায়ো দিছিল ৷ আন এজন ভুক্তভোগী যাত্ৰীয়ে তাৰে দুদিনমান আগতে আন এখন বাছ (নম্বৰ AS 01 GC-5607) তো একে ব্যৱহাৰ পোৱাৰ অভিযোগ কৰিছে ৷ এইধৰণৰ কাণ্ডকাৰখানা দেখি স্বাভাৱিকতেই ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে যে চিটিবাছ চলাচলৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বাছবোৰে এনেকৈ নিৰ্দিষ্ট পথ সলনি কৰা বা ৰাইজৰ পৰা নিৰ্দিষ্ট ভাড়াৰ সলনি জোৰজুলুমকৈ অতৰিক্ত ভাড়া দাবী কৰিব পাৰে জানো ? ৰাইজৰ এনে সন্দেহও হৈছে যে কোনো প্ৰতিক্ৰিয়াশীল চক্ৰই সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ পৰিৱেশৰ সৃষ্টি কৰি ৰাজ্য চৰকাৰৰ ভাৱমূৰ্তি বিনষ্টৰ ষড়যন্ত্ৰত নামিছে নেকি ? অথবা চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ সামূহিক সা-সুবিধাৰ প্ৰতি নিৰ্বিকাৰ হৈ পৰিছে নে কি ? পৰিস্থিতিৰ পৰ্যালোচনা কৰি পি পি এফ এ’ই দাবী কৰে যে মহানগৰীৰ নিৰ্দিষ্ট পথসমূহত নিয়ম অনুসৰি নিশা ১২ বজালৈ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত চিটিবাছ চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ লগতে মহানগৰীৰ চিটিবাছৰ যাত্ৰীসকলে নিৰাপদে আৰু সন্মানজনকভাৱে যাতে ভ্ৰমণ কৰিব পাৰে, তাৰো ব্যৱস্থা কৰিবলৈ চৰকাৰে প্ৰয়োজনত চিটিবাছসমূহত নিশাৰ ভাগত আৰক্ষী মোতায়েনৰো ব্যৱস্থা কৰিব পাৰে ৷ #' পি পি এফ এ ’ ৰ হৈ : ৰূপম বৰুৱা , অজয় দত্ত, নৱ ঠাকুৰীয়া , জগদীন্দ্ৰ ৰায়চৌধুৰী , ৰনেন কুমাৰ গোস্বামী, উজ্জ্বল শইকীয়া , অনুপ শৰ্মা , কুন্তলা চক্ৰৱৰ্তী, বিমান হাজৰিকা, কিশোৰ গিৰি, ৰাজীৱ ভট্টাচাৰ্য ,, সবিতা লহকৰ , জাহ্নবী গোস্বামী, অঞ্জন শৰ্মা, নম্ৰতা দত্ত, সুৰেশ ৰঞ্জন গদুকা , বুলজিত বুঢ়াগোহাঁই , সৌম্যদ্বীপ দত্ত , ৰবীন ভূঞা , দিবস ফুকন, জিতুমনি বৰা, সঞ্জীৱ প্ৰকাশ, দিপাংকৰ বৰুৱা, জয়ন্ত কুমাৰ দাস, নৱনিতা গোস্বামী, মৃনাল হাজৰিকা, তুলিকা দেৱী, সঞ্জীৱ কলিতা, মুকুট মেধী, প্ৰদীপ নাথ, ইন্দ্ৰনীল কলিতা, ৰঞ্জন বৰুৱা, কশ্মিমা হাচনত, ৰবীন ভূঞাঁ, ৰাজীৱ ভট্ট, মনোৰঞ্জন কলিতা, অনিৰ্বান চৌধুৰী , মানস শৰ্মা, মিতু তালুকদাৰ, কিংশুক ডেকা , নৃপেন দত্ত, মনোজ সিং, কুমাৰজিত শৰ্মা, প্ৰশান্ত তালুকদাৰ, সম্প্ৰীতি শইকীয়া, প্ৰীতিৰেখা ভাগৱতী, সব্যসাচী শৰ্মা, ললিত শৰ্মা, যুথিকা দাস, সাম্য ভৰদ্বাজ , কিশোৰ গোস্বামী, কুতুবুদ্দিন আলী, মণিকংকন বৰুৱা , প্ৰদীপ বসুমতাৰী , শেৱালী কলিতা, হিমাক্ষী দত্ত, বেঞ্জামিন কামান, পবিত্ৰ দাস, মৌসুমী শৰ্মা বৰুৱা, বাবা খান, মনালিছা মহন্ত, কিশোৰ শৰ্মা, কমলাকান্ত বৰা, ধীৰেন শৰ্মা , সঞ্জয় ৰায় , প্ৰাৰ্থনা হাজৰিকা , দিব্য জে বৰঠাকুৰ, নীতালি শৰ্মা, এজলিনা খানম, পূৰবী ডেকা, অনুপমা ডেকা, কুলগীতা, দীপ বৰা , দেৱজিত শৰ্মা, নিৰোদ কুমাৰ হালৈ………..
ppfa.citybus.docx
Description: MS-Word 2007 document
_______________________________________________ Assam mailing list [email protected] http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org
