নাগৰিকত্ব আইন সংশোধনী প্ৰক্ৰিয়াত সুস্থ বিতৰ্কৰ পোষকতা 'পিপিএফএ’ৰ
গুৱাহাটী, ২১এপ্ৰিল: নাগৰিকত্বসংশোধনৰআইনীপ্ৰক্ৰিয়াসম্পৰ্কতভুলব্যাখ্যাৰেজনসাধাৰণকবিভ্ৰান্তকৰাৰলগতেএইআইনকপ্ৰকাৰন্তৰেসমৰ্থনকৰাব্যক্তিতথাসংগঠনৰবিৰুদ্ধেপ্ৰদৰ্শণকৰাঅসহিষ্ণুতাতআশ্চৰ্যপ্ৰকাশকৰে 'পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট, অসম’ এ ৷ একবিবৃতিযোগে 'পিপিএফএ’ ই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সুস্থ , সহিষ্ণু আৰু গঠনমূলক বিতৰ্কৰ পোষকতা কৰে ৷ ইতিমধ্যে কিছু সংগঠনে বাৰম্বাৰ এই বিধেয়কখন কেৱল অসমকেন্দ্ৰীক আৰু এই আইন সংশোধন হ’লে লাখে-লাখে বাংলাদেশৰ মানুহ আহি অসমত সোমাব বুলি প্ৰচাৰ চলাইছে ৷ তদুপৰি এইসকল শৰণাৰ্থীক কেৱল বাংলাদেশৰ হিন্দু বুলিহে অভিহিত কৰা হৈছে, অথচ এই আইনখনৰ সুবাদতে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বাংলাদেশৰ পৰা আহি ভাৰত তথা অসমত বাস কৰা বহু কোচ-ৰাজবংশী , হাজং , চাকমা , জয়ন্তীয়া , বিষ্ণুপ্ৰিয়া , আদিবাসী , খাচী , গাৰো , বড়ো পৰিয়ালে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব ৷ গতিকে এই আইনখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি 'পিপিএফএ’ ই দাবী কৰে যে নাগৰিকত্ব প্ৰদানৰ লগে-লগে শৰণাৰ্থীসকলক ভাৰতৰ বিভিন্ন প্ৰান্তত সমবিতৰণৰ ব্যবস্থা কৰিব লাগে আৰু যিসকলে বৈধভাৱে অসমত থাকিব খোজে , তেওঁলোকে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰি অসমৰ সৰ্বাংগীণ উন্নয়নত সক্ৰিয় সহযোগ কৰি এখন শক্তিশালী ভাৰত নিৰ্মানত মনোনিবেশ কৰিব লাগে ৷ আইনখনৰ সংশোধনীৰ লগতে সমগ্ৰ দেশৰ দৰে অসমতো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ সলনি ১৯৫১ হ’ব লাগে , কাৰণ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ছবছৰীয়া অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদে প্ৰাণ বিসৰ্জন দিছিল ১৯৫১ চনক বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ অৰ্থাৎ লক্ষ্য হিচাপে লৈ ৷ গতিকে ১৯৫১ৰ পৰিবৰ্তে ১৯৭১ কৰাৰ অৰ্থই হ’ব ৮৫৫ শ্বহীদৰ আত্মত্যাগক অপমান কৰা ৷ লগতে 'পিপিএফএ’ই কয়যেবিশেষমানৱীয়কাৰণবাআন্তৰ্জাতিকসমস্যাৰউদ্ভৱহোৱাৰআশংকাথাকিলেঅৱশ্যেকেন্দ্ৰীয়চৰকাৰেচিনাক্তকৰাবিদেশীসকলকভোটাধীকাৰ বিহীনভাৱে কৰ্মৰ অনুজ্ঞাপত্ৰ(ৱৰ্ক পাৰ্মিট) দিয়াৰ সিদ্ধান্ত ল’ব পাৰে ৷ 'পিপিএফএ’এ ৰ তৰফৰ পৰা - ৰূপম বৰুৱা , নৱ ঠাকুৰীয়া , জগদীন্দ্ৰ ৰায়চৌধুৰী , প্ৰমোদ কলিতা , কিশোৰ গিৰি , অৰূপ কোঁচ , অনুপ শৰ্মা , দয়াল কৃষ্ণ নাথ , আজিজুৰ ৰহমান শইকীয়া , ওকেনজিৎ সন্ধম , বিধায়ক দাস , উজ্জ্বল শইকীয়া , অনিৰ্বান চৌধুৰী , ৰুবী দাস , প্ৰাৰ্থনা হাজৰিকা , ৰিতুপৰ্ণা দাস , শোণিত কুমাৰ গোস্বামী , বিজয় শৰ্মা , বিকাশ কুমাৰ দাস , ৰাজীব চৌধুৰী , স্মৃতিদিব্যা বৰুৱা , নম্ৰতা দত্ত , ভাস্বতী শৰ্মা , ববিতা শৰ্মা , শেৱালী কলিতা , কুন্তলা চক্ৰৱৰ্তী , সঞ্জীৱ কলিতা , ভূৱন শইকীয়া , পল্লৱী বৰা , অনুজাত তালুকদাৰ , উৎপল শৰ্মা , পংকজ কুমাৰ বৰা , সীমান্ত শৰ্মা , কৌশিক চক্ৰৱৰ্তী , ধ্ৰুৱ শইকীয়া , প্ৰশান্ত চক্ৰৱৰ্তী , নৱদ্বীপ ভৰালী , মৃদুল কুমাৰ চক্ৰৱৰ্তী , কিশোৰ শৰ্মা , দিগন্ত চহৰীয়া, মৃদুল কুমাৰ সন্দিকৈ , মনোজ খান্দেলৱাল , তৰালী চক্ৰৱৰ্তী , মৃণ্ময় বুঢ়াগোহাঁই ,সন্দীপ শৰ্মা , চন্দ্ৰ কুমাৰ শইকীয়া , মিতালী ওজা , ব্ৰজ জ্যোতি শৰ্মা , শেৱালী শৰ্মা , উপাসনা শৰ্মা , ৰশ্মি শৰ্মা , নীৰেন বৰ্মন, ধীৰাজ গোস্বামী , উপানন্দ কটকী , মঞ্জৰী বৰকটকী , ঘামেশ্বৰ কলিতা , পদ্মিনী হাজৰিকা , অজয় হাজৰিকা , পাৰ্থপ্ৰদীপ বৰা, নিৰোদ কুমাৰ হালৈ আদি
_______________________________________________ Assam mailing list [email protected] http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org
