দান উৎসৱ, আন্তৰিকতা ইত্যাদি - হিমাংশু চহৰীয়া


যিসকলে লোকে অসমৰ সংবাদ মাধ্যমৰ বাতৰিত চকু ৰাখে, তেওঁলোকে হয়তো কিছুদিন ধৰি এটা 
বাতৰি পাই আছে— গুৱাহাটীৰ জ্যোতিনগৰস্থিত 'Mother Old Age Home' সম্পৰ্কীয় এটি 
বাতৰি| ভাড়াঘৰৰ চুক্তিৰ ম্যাদ উকলাৰ বাবে এটি স্থায়ী ঠিকনাৰ অভাৱৰ সন্মুখীন 
হৈছিল আৱাসী ককা আইতা সকল| কিন্তু পৰৱৰ্তী সময়ত অসমৰ কেবাটাও সংবাদ মাধ্যমে ককা 
আইতা সকলৰ এটি স্থায়ী ঠিকনা প্ৰদানৰ লগতে আন অসুবিধাসমূহ দূৰ কৰিবৰ বাবে এক 
বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে — আৰু এই পদক্ষেপত অসমৰ ভিন্ন প্ৰান্তৰ বহু লোকে 
বিভিন্ন ধৰণে অভূতপূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়ালে| আৰু তেওঁলোকৰ এই পদক্ষেপ 
প্ৰায় সফল হোৱাৰ দিশে আগবাঢ়িছে | এতিয়া মূল কথাটো হ'ল — এই যে লোকসকলে সহায় 
সহযোগিতা আগবঢ়ালে তেওঁলোকে কি পালে? তাৎক্ষণিক অৰ্থত একো নাপায় কিন্তু এই একো 
নোপাৱাৰ মাজতো তেওঁলোকে বহু কিবাকিবিয়েই পাব — তেওঁলোকৰ সহায় সহযোগিতাৰ বিনিময়ত 
ককা আইতা সকলৰ মুখত যি হাঁহি বিৰিঙিল,মনত যি আনন্দ পালে সেয়াই বহুত কিবা কিবি দি 
যাব ।

এয়া মাথো এক সাধাৰণ উদাহৰণহে| ইয়াৰ পূৰ্বেও বহু লোকে এনেকুৱা কাম কৰি আহিছে— 
কোনোৱে সংবাদ মাধ্যমৰ আগত আৰু আন কোনোৱে সংবাদ মাধ্যমৰ অলক্ষিতে|

এই উদাহৰণটো লৈয়ে আন এটা প্ৰসংগলৈ আহো — সেয়া হ'ল দান উৎসৱ |

দান উৎসৱনো কি? 


সহজকৈ ক'বলৈ গ'লে দান উৎসৱো হ'লো আন উৎসৱৰ দৰে সাধাৰণ এক উৎসৱ| কাৰোবাক 
আন্তৰিকতাৰে, সহৃদয়তাৰে কিবা এটা দিয়াৰ উদ্দেশ্যেৰে পালন কৰা এক উৎসৱ| ইংৰাজীত 
The Joy of Giving week.


২০০৯ চনৰ পৰা আৰম্ভ কৰা এই উৎসৱ প্ৰতিবছৰে ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ পালন কৰি 
অহা হয়| ২০০৮ চনৰ নৱেম্বৰৰ পৰা ২০০৯ চনৰ ফেব্ৰুৱাৰীৰ সময়চোৱাত ভাৰত বিভিন্ন লোক 
তথা স্বেচ্ছাসেৱী সংগঠনসমূহে একেলগ হৈ India Giving Week নামেৰে এক সপ্তাহ পালনৰ 
সিদ্ধান্ত গ্ৰহণ কৰে| আৰু বিভিন্ন অনুষ্ঠানে ভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াক সফল 
কৰাৰ বাবে চেষ্টা কৰে|


কিন্তু ২০০৯ চনৰ মাৰ্চ মাহত EuroRSCG India নামৰ এক বিজ্ঞাপন প্ৰতিষ্ঠানে Joy of 
Giving Week জন্ম দি ইয়াক এক সূকীয়া পৰিচয় প্ৰদান কৰে| ২০০৯ চনৰ পৰা ২০১৩ 
সময়চোৱাত এই উৎসৱে ভাৰতৰ ভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিক অৰ্থনৈতিক শ্ৰেণীৰ 
লোকসকলৰ মাজত বিয়পি পৰে আৰু সফলতাও লাভ কৰে| 


ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত এই উৎসৱৰ স্বেচ্ছাসেৱীসকলে 
ভিন্নজনৰ পৰা পোৱা মতামতৰ ভিত্তিত ইয়াক দান উৎসৱ নামেৰে নামাকৰণ কৰে যাতে সকলো 
শ্ৰেণীৰ লোকসকলে সহজে বুজি পাব পাৰে বা সকলোকে সহজে স্পৰ্শ কৰিব পাৰে|


দান উৎসৱ কাৰ? 


দীপাৱলী, ঈদ, পূজা আদিৰ দৰে সকলোৱে পাৱন কৰিব পৰা উৎসৱেই হ'ল দান উৎসৱ| পূৰ্বতে 
উল্লেখ কৰাৰ দৰে কোনো সংগঠনৰ বা ব্যক্তিৰ উৎসৱ নহয় — জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে 
সমাজৰ প্ৰতিজন হৃদয়বান ব্যক্তিয়ে স্বইচ্ছাই উৎযাপন কৰা অনুষ্ঠানেই হ'ল দান উৎসৱ| 
যদিও এই উৎসৱ তথা ইয়াৰ কাৰ্যসূচীক গতিশীলতা প্ৰদানৰ উদ্দেশ্যেৰে বহু 
স্বেচ্ছাসেৱকে কাম কৰি আছে তথাপিও এই উৎসৱৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ'ল — আপুনি|



দান উৎসৱক সফল কৰো আহক —


আৰম্ভণিৰে পৰা এতিয়ালৈকে সমাজৰ সকলো শ্ৰেণীৰ লোকেই বিভিন্ন ধৰণেৰে দান উৎসৱত 
অংশগ্ৰহণ কৰি আহিছে| উল্লেখ্যযোগ্য যে দান উৎসৱত অংশ ল'বলৈ কেৱল টকা পইচাৰে সহায় 
কৰিব লাগিব বুলি কথা নাই| যিকোনো ধৰণেৰে আপুনি দান উৎসৱৰ অংশীদাৰ হ'ব পাৰে| ভাৰতৰ 
বিভিন্ন ঠাইত ভিন্ন ধৰণেৰে দান উৎসৱ পালন কৰি অাহিছে| সাধাৰণ খাটি খোৱা লোকৰ পৰা 
উদ্যোগপতিলৈ, শিক্ষাৰ্থীৰ পৰা চাকৰিয়ালৈ, গৃহিণী, সংবাদকৰ্মী, খেলুৱৈ, অভিনেতা 
অভিনেত্ৰী, ব্যৱসায়ী ইত্যাদি সকলোৱে বিভিন্ন কাৰ্যসূচীৰে দান উৎসৱত অংশ লব পাৰে| 
কেইটিমান সৰু উদাহৰণ — সদায় পুৱাৰ পৰা দুপৰ নিশাৰ আমাৰ বাবে কাম কৰি থকা মাক যদি 
এটা দিন সম্পূৰ্ণ আজৰি দি মাৰ কামখিনি আমি কৰি দিয়াটোও দান উৎসৱৰ অংশ হ'ব পাৰে | 
ঠিক সেইদৰে সমাজৰ কোনো এজন খাটি খোৱা লোকৰ এসাজ যদি যোগান ধৰিব পাৰো সেয়াও এক দান 
উৎসৱৰ অংশ| মুঠতে নিজৰ সাধ্য অনুসৰি আন্তৰিকতাৰে কাৰোবাক কিবা এটা প্ৰদান কৰাটোৱেই 
দান উৎসৱৰ মূল উদ্দেশ্য| ইয়াৰ ভিতৰত হ'ব পাৰে চৌপাশৰ পৰিস্কাৰ পৰিচন্নতাৰ বাবে 
কাম কৰা; শিক্ষা, বাল্য বিবাহ, শিশু শ্ৰমিক আদিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা; কোনো 
বৃদ্ধাশ্ৰম, অনাথালয়ত সময় অতিবাহিত কৰি আৱাসী সকলক মানসিক শান্তি দিয়া ইত্যাদি 
যিকোনো ধৰণৰ কাম|


অসমত দান উৎসৱ —


অসমৰ প্ৰায়ভাগ লোকৰ বাবেই 'দান উৎসৱ' এটি অপৰিচিত নাম | কাৰণ ইতিপূৰ্বে দান উৎসৱ 
সম্পৰ্কীয় কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই | কিন্তু প্ৰথম বাৰৰ বাবে অসমত দান উৎসৱ 
উৎযাপন কৰাৰ বাবে যোজা চলোৱা হৈছে | ইতিমধ্যে তেজপুৰস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠান 
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজীৰ সামাজিক উন্নয়ন গোট 
'সহযোগ'ৰ উদ্যোগত আৰু কেবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত দান উৎসৱক সফলৰূপ দিবলৈ 
কাম আৰম্ভ কৰিছে| ইয়াৰোপৰি উক্ত প্ৰতিষ্ঠানখনতে চলিত বৰ্ষৰ মে' মাহত দান উৎসৱৰ 
অসমৰ স্বেচ্ছাসেৱক সকলৰ প্ৰথমখন সভাও অনুষ্ঠিত হৈ যায়| কিন্তু তেওঁলোকৰ এই 
প্ৰচেষ্টা কিমানদূৰ সফল হ'ব তেওঁলোকে হয়তো নাজানে| কিন্তু আপোনালোকৰ কিছু সঁহাৰি 
তথা সহায় সহযোগিতাই অসমত প্ৰথমবাৰৰ বাবে দান উৎসৱক সফল কৰাৰ তেওঁলোকৰ চেষ্টা 
যথেষ্ট সহায় কৰিব বুলি আশাবাদী|


দান উৎসৱৰ বিষয়ে অধিক জানিবলৈ —


Website : www.daanutsav.org 

Facebook :DaanUtsavAssam

E-mail :[email protected]

Contact No :7002934729/9707821566


হিমাংশু চহৰীয়া

সপ্তম ষান্মাসিক, অসামৰিক অভিযান্ত্ৰিক বিভাগ

জি.আই.এম.টি. , তেজপুৰ 

পিন -৭৮৪৫০১, অসম।

ফোন : ৭৮৯৬৯৬৬১৭২ 


http://amarasom.glpublications.in//imageview_7631_122553737_4_1_26-09-2018_i_1_sf.html
 

------------------------------------------------------------------------------ 
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।   ----  বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
Assam mailing list
[email protected]
http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org

Reply via email to