This is what I get:
What am I doing wrong?
===========================
404 Error File Not Found
The page you are looking for might have been removed,
had its name changed, or is temporarily unavailable. * If you typed in the
URL, please check the spelling
* You can try to click the Back button and try another link
Web Hosting provided by Hostmonster.Com
From: Buljit Buragohain <[email protected]>
To: [email protected]; [email protected]; [email protected];
[email protected]; [email protected];
[email protected]; [email protected];
[email protected]
Cc: Banajit Pathak <[email protected]>
Sent: Sunday, February 20, 2011 9:43 PM
Subject: [Assam] Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/ )
Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/ )
কুঁহিপাত ফ’ণ্ট
এই চাইতৰ কোনোবা ঠাইত আমি কৈছো কুঁহিপাত ফ’ণ্টতো বাংলা ইউনিকোড ভিত্তিত বিকাশিত
কৰা অসমীয়া ফ’ণ্ট|অন্য অসমীয়া অথবা বাংলা ফ’ণ্টৰ দৰেই ইয়াকো প্ৰায় সকলো window
application ত যেনে MS word MS paint online browserত ইয়াক ব্যৱহাৰ কৰিব
পাৰি|প্ৰয়োজন অনুসৰি সময়ে সময়ে এই বিষয়ে আমি সবিশেষ আলোচনা কৰিবলৈ যত্ন কৰিম|এই
ফ’ণ্টতো ইন্টাৰনেটত অসমীয়া লিখা অথবা পঢ়াৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিকাশিত
কৰিবলৈ যত্ন কৰা
হৈছে, ইয়াৰ অৰ্থ হ’ল এই ফ’ণ্টতো ইন্টাৰনেটত অসমীয়া লিখা অথবা পঢ়াৰ বাবেহে উপযুক্ত
(অন্তত্ব আমি উপযুক্ত কৰিবলৈ চেষ্টা কৰিছো )| সবিশেষ এই চাইতৰ কোনোবা ঠাইত লিখা
হ’ব|সাধাৰণতে যিকোনো চাইতৰ আখৰবোৰৰ ছাইজ (font size)১২ থাকে সান্মেসিক (by
default)ভাৱে, আমাৰ এই ফ’ণ্টতো এই আকাৰতে পঢ়িবলৈ ভাল (best readability) বুলি আমি
বিবেচনা কৰো|
আমাৰ অসমীয়াৰ লিখাৰ নিজস্ব কিছুমান শৈলী আছে, যেনে, গ+উ কাৰ=গু, ৰ+উ কাৰ=ৰু শ+উ
কাৰ=শু আদি, ম+ৰ কাৰ=ম্ৰ (সম্ৰাজ্য )অন্য কিছুমান অসমীয়া support থকা ফ’ণ্টত এনে
কিছুমান আখৰ বা যুক্তাক্ষৰ ভালকৈ দেখা নাযায়| আমাৰ অসমীয়াত ‘স’ ৰ লগত উ কাৰ যোগ
দিলে ইয়াক দুই ধৰণে লিখা যায় ‘সু’ আৰু ‘স্সু’ , সেয়েহে দুয়োটা শৈলী ইয়াত ৰখা হৈছে,
কিন্তু ইয়াৰ কিছু সীমা বদ্ধতা আছে, যেনে কোনো প্ৰবন্ধ printout অথবা চিত্ৰ হিছাপে
তৈয়াৰ কৰিবলৈ হ’লে দুয়োটা একেলগে অথবা যিকোনো এটা ব্যৱহাৰ কৰিব পৰা যাব, কিন্তু
চাইতৰ বাবে লিখিবলৈ হ’লে কিছু ক্ষেত্ৰত প্ৰথমটোহে ব্যৱহাৰ কৰিব পৰা যাব,সময়ত এই
বিষয়ে বিতং ভাৱে আলোচনা কৰা হ’ব|ভবিষ্যতে আমাৰ দুয়োটা পৃথক কৰি দুটা বেলেগ বেলেগ
ফ’ণ্ট বিকাশ কৰাৰ পৰিকল্পনা আছে|‘ড্ক’ এইটো আন কিছুমান ফ’ণ্টত আমাৰ লিখিবলৈ
অসুবিধা হ্য়, ‘ড০’ এনেকৈ লিখা হ্য়, এই ফ’ণ্টত ‘ড্ক’ টো ৰখা
হৈছে|অলপতে ভাৰত চৰকাৰে ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্ন জাৰি কৰিছে, আৰু ই এনে
`ধৰণৰ|কুঁহিপাত ফ’ণ্টত ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্নটো (`)ৰখা আছে
কুঁহিপাত ফ’ণ্টৰ অসুবিধা সমূহ :--
এই ফ’ণ্টৰ দ্বাৰা আপুনি বাংলা চাইত চোৱাত বা বাংলাত লিখাত অসুবিধা পাব
পাৰে|বিশেষকৈ বাংলাত লিখিব পৰা নাযাব|আমাৰ অনুৰোধ বাংলা লিখাৰ বাবে অথবা বাংলা
চাইত চোৱাৰ বাবে বাংলা ফ’ণ্ট ব্যৱহাৰ কৰক|
কেতিয়াবা কিছুমান চাইতত আখৰবোৰৰ মাত্ৰা দেখা পোৱাত অসুবিধা হ্য়, ’ চিহ্নতো
firefoxত অলপ তলত দেখা যায়| আমি এই অসুবিধা সমূহ আতৰাবলৈ ভবিষ্যতে চেষ্টা কৰিম|
অন্য আসুবিধা সমূহৰ বাবে ফ’ৰামৰ বিশেষ শিতানত চাওক অথবা ফ’ৰামত লিখক|
মুঠৰ ওপৰত আমাৰ লক্ষ্য হ’ল চাইবাৰ ৱৰ্ল্ডত অসমীয়া আখৰবোৰ সঠিক আৰু সুন্দৰ ভাৱে
তুলি ধৰা|
এই কথা খিনিৰ দ্বাৰা আমি কেতিয়াও কব খোজা নাই যে আমাৰ কুঁহিপাত ফ’ণ্টতো অন্য বাংলা
অথবা অসমীয়া ফ’ণ্টতকৈ উন্নত অথবা অন্য ফ’ণ্টৰ মানদন্ড সঠিক নহয়|ইয়াত কেৱ্ল
কুঁহিপাত ফ’ণ্টতৰ সুবিধা অসুবিধাৰ কথাহে কোৱা হৈছে|
Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/ )
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org