মইনা-মেল (http://moinamel.com/) :
এই ৱেবচাইটত ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ কিতাপৰ নুবুজা কথা সুধিব পাৰিব (আৰু আমাৰ অভিজ্ঞ স্বেচ্চাসেৱকে যাৰ উত্তৰ দিব), নিজে অঁকা ছৱি এখন বা হস্তকলা এটিৰ এখন ফটো আপলোড কৰি আনকো উৎসাহিত কৰিব পাৰিব, সমল লেখাবোৰৰপৰা নানা নজনা কথা জানিব পাৰিব, আজৰি সময়ত গল্প-উপন্যাস পঢ়িব পাৰিব, অতি কম বয়সৰপৰাই পৃথিৱীৰ ন ন কথা জানিব পাৰিব, মানসিক উৎকৰ্ষ সাধনৰ অনুশীলন কৰিব পাৰিব আৰু য’ত প্ৰতিভাৰ বিকাশ কৰিব পৰাকৈ প্ৰেৰণাদায়ী লেখা, শিকণ-সামগ্ৰী উপলব্ধ হ'ব । এই ৱেবচাইটৰ মূল প্ৰক্ষেপিত পঢ়ুৱৈ ১৮ বছৰ বয়সৰ তলৰ শিক্ষাৰ্থীসকল যদিও অভিভাৱকসকলকো সাঙুৰি ল’বলৈ চেষ্টা কৰা হৈছে । নৈতিক শিক্ষাৰ পাঠ, উন্নত সাহিত্যৰ নমুনা, উদ্ভাৱনী শক্তিৰ জাগৃতি, আচাৰ-ব্যৱহাৰকে সামৰি ব্যক্তিত্ব বিকাশ, মগজুৰ অনুশীলন ইত্যাদি বিষয়ত ৱেবচাইটটোৰ জৰিয়তে কিছু পাঠ আমাৰ ন-প্ৰজন্মৰ আগত সকলো ধৰণৰ মাধ্যমেৰে(অ’ডিঅ’-ভিজুৱেল,টেক্স,প্ৰেজেন্টেশ্যন ইত্যাদি) আগবঢ়াবলৈ যত্ন কৰা হৈছে । চালুকীয়া অৱস্থাত থকা ৱেবচাইটটোৰ জনপ্ৰিয়কৰণ বা সমলৰ ক্ষেত্ৰত আপোনাৰ মতামত, সহায়-সহযোগিতা কামনা কৰা হৈছে । ন-প্ৰজন্মৰ বাবে উৎসৰ্গিত ৱেবচাইটটো হ’ল- www.moinamel.com , যোগাযোগৰ ইমেইল- [email protected] । অস্থায়ী কাৰ্যালয়-"মইনা-মেল", ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ 9435152768 ------------------------------------------------------------------------------ সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান পাৰি ৰাইজৰ মাজত বিলাব লাগে। ---- বুলজিৎ বুঢ়াগোহাঁই _______________________________________________ Assam mailing list [email protected] http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org
